Type Here to Get Search Results !

Science GK Questions & Answers in Assamese

Science GK Questions & Answers in Assamese - Meraz Axom


Gk science question & answers, General Knowledge assamese language, GK Questions in Assamese,

Science GK Quiz Questions & Assamese :


1. সৌৰজগতৰ কেন্দ্ৰ কি ?
■ সূৰ্য।

2. বিদুৎ প্ৰবাহৰ এছ আই একক কি ?
■ এম্পিয়াৰ।

3. পৃথিৱীৰ আটাইবোৰ পৰিস্থিতি তন্ত্ৰৰে গঠিত সংগঠনটো কি ?
■ জীৱমণ্ডল।

4. সূৰ্যৰ পোহৰ পৃথিৱীত আহি পাবলৈ কিমান সময় লাগে ?
■ প্ৰায় 8 মিনিট 20 ছেকেণ্ড লাগে।

5. সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
■ নেপচুন।

6. পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটোৰ নাম কি ?
■ পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটোৰ নাম হল - শুক্ৰ।

7. আমেৰিকা যুক্তৰাষ্ট্ৰ MIT নামৰ প্ৰতিষ্ঠানটোৱে শেহতীয়াভাৱে সাজি উলিওৱা স্ক্ৰীনবিহীন কম্পিউটাৰ প্ৰযুক্তিবিদ্যাৰ নাম কি ?
■ হেলিঅ' ডিছপ্লে।

8. কোনটো গ্ৰহ আৰু পৃথিৱীক যমজ বুলি কোৱা হয় ?
■ শুক্ৰ।

9. সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ বেগী ?
■ বুধ।

10. আটাইতকৈ বিখ্যাত ধূমকেতুটো কি ?
■ হেলীৰ ধূমকেতু।

11. পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে দ্ৰুতি প্ৰতি মিনিটত কিমান কিঃমিঃ ?
■ 1500 কিঃমিঃ

12. পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্ৰথমজন ব্যক্তিৰ নাম কি আছিল ?
■ ইৰাট'স্থেনিছ।

13. সৌৰজগতৰ কোনটো গ্ৰহই নিজ অক্ষত পৰিভ্ৰমণ কৰোঁতে প্ৰায় পৃথিৱীৰ সমান সময় লয় ?
■ মঙ্গল গ্ৰহ ।

14. খালী চকুৰে দেখা পোৱা আটাইতকৈ দূৰৰ বস্তুপিণ্ডটো কি ?
■ এন্ড্ৰ'মিডা তাৰকাৰাজ্য।

15. ষোল্লশ শতিকাত ডেনমাৰ্কৰ ৰজাই এজন বিখ্যাত বিজ্ঞানীৰ ব্যৱহাৰৰ বাবে কোপেনহেগেনৰ ওচৰৰ এটা দ্বীপত পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানমন্দিৰটো নিৰ্মাণ কৰিছিল আৰু ইয়াক তেওঁ স্বৰ্গীয় নগৰী আখ্যা দিছিল। বিজ্ঞানীজনৰ নাম কি আছিল?
■ টাইক'ব্ৰাহে ।

16. মহাকাশত বহিংকক্ষত সৰ্বাধিক সময় কটাই অভিলেখ ৰচা মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি ?
■ সুনীতা উইলিয়ামছ ।

17. বায়ুত শব্দৰ বেগ কিমান ?
■ 330 মিটাৰ/ছেকেণ্ড ।

18. থাৰ্ম'মিটাৰত সচৰাচৰ ব্যৱহৃত পদাৰ্থবিধ কি ?
■ থাৰ্ম'মিটাৰত সচৰাচৰ ব্যৱহৃত পদাৰ্থবিধ 'পাৰা' ।

19. আটাইতকৈ বিষাক্ত গেছবিধ কি ?
■ কাৰ্বন মন'ক্সাইড।

20. বিশ্বব্রহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটো কি ?
■ হাইড্ৰ'জেন।

21. পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটো কি ?
■ এলুমিনিয়াম।

22. পেট্ৰ'লৰ এটা গুৰুত্বপূৰ্ণ উপাদান কি ?
■ অক্টেন।

23. আটাইতকৈ পাতল মৌলটো কি ?
■ হাইড্ৰ'জেন।

24. পূবৰ পৰা পশ্চিমলৈ পৰিভ্ৰমণ কৰা একমাত্ৰ গ্ৰহটো কি ?
■ ইউৰেনাছ।

25. মহাকাশলৈ প্ৰথমটো প্ৰাণী কঢ়িয়াই নিয়া মহাকাশযানৰ নাম কি ?
■ স্পুটনিক -2

26. কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল ?
■ আমেৰিকা যুক্তৰাষ্ট্ৰ ।

27. কোনটো পৰীক্ষাৰ দ্বাৰা ডায়েবেটিছ ৰোগীৰ দেহত শৰ্কৰাৰ পৰিমাণ জানিব পাৰি ?
■ বেনেডিক্টছ টেষ্ট।

28. সূৰ্যত কোনবিধ গেছ পোৱা যায় ?
■ হাইড্ৰ'জেন।

29. মানৱ শৰীৰৰ ক্ষুদ্ৰতম হাড় কি ?
■ ষ্টিৰাপ হাড়।

30. সাধাৰণ অৱস্থাত সুস্থ ডেকা মানুহ এজনৰ ৰক্তচাপ কিমান ?
■ সাধাৰণ অৱস্থাত সুস্থ ডেকা মানুহ এজনৰ ৰক্তচাপ 120/80 ।

31. আটাইতকৈ দ্ৰুতভাৱে বৃদ্ধি পোৱা গছ কি ?
■ ইউকেলিপ্টাছ।

32. মানৱ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ কি ?
■ দাঁতৰ এনামেল।

33. ধপাতত থকা বিষাক্ত মৌলবিধৰ নাম কি ?
■ নিক'টিন।

34. পানীৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ একক কি ?
■ পানীৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ একক 'ফাথ'ম'।

35. মানৱ শৰীৰৰ সৰ্ববৃহৎ হাড়ডাল কি ?
■ মানৱ শৰীৰৰ সৰ্ববৃহৎ হাড়ডাল ফিমাৰ বা উৰ্বস্থি।

36. জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ ?
■ জুই জ্বলিবলৈ অক্সিজেন গেছৰ দৰকাৰ ।

37. কিমান চনত ৰাছিয়াই প্ৰথমে কৃত্ৰিম উপগ্ৰহ স্পুটনিক-১ উৎক্ষেপণ কৰিছিল ?
■ 1957 চনত।

38. আমাৰ পৰিৱেশত আমি কিমান শতাংশ অক্সজেন পাওঁ ?
■ আমাৰ পৰিৱেশত আমি 20.94 শতাংশ অক্সজেন পাওঁ ।

39. পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
■ স্পুটনিক - 1 ।

40. বায়ুমণ্ডলীয় চাপ ক'ত সৰ্বাধিক হয় ?
■ সাগৰৰ তলিত।

41. পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ কেইটা ?
■ পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ এটা।

42. মাইক্ৰ'ফোনত কোনবিধ শক্তিক শব্দ শক্তিলৈ ৰূপান্তৰ কৰা হয় ?
■ বৈদ্যুতিক শক্তি।

43. এণ্টেনাৰ পৰা নিৰ্গত ৰেডিঅ' তৰংগই কিমান বেগত গতি কৰে ?
■ এণ্টেনাৰ পৰা নিৰ্গত ৰেডিঅ' তৰংগই পোহৰৰ বেগত গতি কৰে ।

44. আলোকবৰ্ষৰ দ্বাৰা কি জোখা হয় ?
■ পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বক জোখা হয়।

45. পানীত বীজাণুনাশক হিচাপে কি ব্যৱহাৰ কৰা হয় ?
■ পটেছিয়াম পাৰমেংগানেট।

46. আমাৰ দেহত কাৰ্ব'হাইড্ৰেট কি ৰূপত সঞ্চিত হয় ?
■ গ্লাইক'জেন।

47. লাফিং গেছ বা হঁহুৱা গেছ কি ?
■ নাইট্ৰাছ অক্সাইড।

48. আটাইতকৈ গধুৰ ধাতুটো কি ?
■ ইউৰেনিয়াম।

49. আটাইতকৈ কঠিন খনিজ পদাৰ্থটো কি ?
■ হীৰা।

50. কোনবিধ ভিটামিনে চকু নিৰোগী কৰি ৰাখে ?
■ ভিটামিন 'A' ।

51. পগলা কুকুৰে কামুৰিলে কোনটো ৰোগ হয় ?
■ হাইড্ৰ'পেৰিট'নিয়াম।

52. কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ?
■ মঙ্গল গ্ৰহক।

53. ধূমকেতুৰ নেজডাল কোন পিনে থাকে ?
■ ধূমকেতুৰ নেজডাল সদায় সূৰ্যৰ বিপৰীতমুৱাকৈ থাকে।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad