ভাল বেয়া সকলোৰে লগত থাকে। কিন্তু তাক দমন কৰি ৰখাটোহে ভাল জ্ঞানী মানুহ। যদি বেয়াটো নাথাকিলে হয়, তেন্তে আমি ভালটো চিনি নাপালো হয়, ভালটো কি বুজিব নোৱাৰিলো হয়।
আজি এই পোষ্টোৰ জৰিয়তে ভাল কেইটামান কথা বা উপদেশ বুলিও ভাবিব পাৰে, আপোনালোকলৈ লৈ আহিছো। আশা কৰো আপোনালোক সকলোৱে মানি চলিব। আৰু এই কথাকেইটা মানি চলাটো আমাৰ সকলোৰে কাৰনে ভাল।
10 টা ভাল উপদেশ....
1. তুমি যদি জীৱনত বাৰে বাৰে কষ্ট পোৱা, তুমি হতাশ নহবা, কাৰণ মনত যি গছৰ ফল মিঠা বা সোৱাদ লগা হয় সেই গছ জোপাত শিল গুটি বেছিকৈ দলিয়াই।
2. তুমি জীয়াই থাকোতে এনেকুৱা কাম কৰি যোৱা যাতে তোমাৰ মৃত্যুৰ সময়ত তুমি হাঁহি হাঁহি বিদায় লব পাৰা, আৰু গোটেই জগতখনে তোমাক কান্দি কান্দি বিদায় দিব লগা হয় ।
3. তুমি কৰা অলপ অভিমানৰ বাবে যদি কাৰোবাৰ চকু পানী ওলায়, তেন্তে ভাবিবা যে তেওঁ তোমাক নিজতকৈও বেছি ভাল পায়।
4. কোনোবাই যদি আপোনাৰ অতীতক পাহৰাই দিব পাৰে তেনেহলে ভাবি লব যে তেওঁ আপোনাৰ জীৱনৰ সাৰথি। তেওঁক সময় দিবলৈ চেষ্টা কৰক।
5. আপোনাৰ প্ৰিয় মানুহজন/মানুহজনীয়ে আপোনাক যি কোনো কথাতে খং কৰিব পাৰে, কিন্তু তেওঁক বুজোৱাটো আপোনাৰ দায়িত্ব।
6. এই সুন্দৰ পৃথিৱীখনত তোমাৰ সকলো মানুহকে ভাল লাগিব পাৰে, তাৰ মানে এয়ে নহয় যে সকলোৰে লগত প্ৰেম কৰিম ! ভাল লগা মানুহ বহুজন হব পাৰে কিন্তু প্ৰিয় মানুহ কেৱল এজন হে থাকে।
7. হয়, ! তুমি দেখিবলে বহুত ধুনীয়া, সেইবুলি তুমি আনক ঘৃণা নকৰিবা। কাৰণ তোমাক যিজন ঈশ্বৰে সৃষ্টি কৰিছে, তেখেতো সেইজনেই সৃষ্টি কৰিছে, কেতিয়াও নিজৰ সৌন্দৰ্য্যক লৈ অহংকাৰ কৰিব নাপায়।
8. জীৱনত আটাইতকৈ দুজন মানুহকে বেছি ভাল পাব লাগে, যিয়ে আমাক জন্ম দিছে, ডাঙৰ দীঘল কৰিছে। তেওঁলোক হৈছে মা-দেউতা।
9. তোমাক আনৰ কথা যিজন ব্যাক্তিয়ে কয় সেইজন ব্যক্তিৰ পৰা সদায় আতৰত থাকিব লাগে, কি বিশ্বাস আছে তেওঁ যে তোমাৰ কথা বেলেগৰ আগত নকব।
10. কাৰোবাৰ সুন্দৰ চেহেৰা দেখিলে তুমি মুগ্ধ হৈ নাযাব, কাৰণ তেওঁৰ চৰিত্ৰই যদি বেয়া থাকে তেন্তে সুন্দৰ চেহেৰাটোৰ মূল্যই বা কি ?