Type Here to Get Search Results !

অসমীয়া কৌতুক - Assamese Jokes - 2023 For Students

অসমীয়া কৌতুক - Assamese Jokes - 2023 For Students 

Assamese Jokes - 2021 For Students, কৌতুক অসমীয়া, অসমীয়া হাঁহিৰ কৌতুক, অসমীয়া জমনি কৌতুক, অসমীয়া ৰগৰ কৌতুক, অসমীয়া নতুন কৌতুক, অসমীয়া কমেডি, অসমীয়া প্ৰেমৰ কৌতুক, Funny jokes 2021, Jokes, Jokes in assamese,

Hello Guys, Welcome to Meraz Axom. In This Article Is Provided কৌতুক অসমীয়া, অসমীয়া হাঁহিৰ কৌতুক, অসমীয়া জমনি কৌতুক, অসমীয়া ৰগৰ কৌতুক, অসমীয়া নতুন কৌতুক, অসমীয়া কমেডি, অসমীয়া প্ৰেমৰ কৌতুক, Funny jokes 2021, Jokes, Jokes in assamese, etc. I Hope You Like This. 

অসমীয়া জমনি কৌতুক

শিক্ষক - হৰি, লংপেণ্ট এটা একবচন নে বহুবচন ?
হৰি - ছাৰ, লংপেণ্টৰ ওপৰৰ অংশ একবচন আৰু তলৰ অংশ বহুবচন ! 

শিক্ষক - ৰোহন, এই বাক্যটোৰ ভৱিষ্যৎ কাল কি হ'ব- "ডকাইতে ঘৰটোৰ পৰা গহনা চুৰ কৰিছিল।"
ৰোহন - ডকাইতকেইজন জেললৈ যাব! 

গৌতম - বহুদিন মোৰ দিনত টোপনি অহা নাই।
অমল - কিয় অহা নাই?
গৌতম - কাৰণ মই ৰাতিগে টোপনি যাওঁ। 

ৰাম - মোৰ দেউতাই ৰাস্তা পাৰ হ'বলৈ ভয় কৰে।
শ্যাম - সঁচাই নে ? তুমি কেনেকৈ গম পালা ?
ৰাম - কাৰণ তেওঁ সদায় ৰাস্তা পাৰ হোৱাৰ সময়ত মোৰ হাতখন ধৰে। 

দেউতাক - ডাক্তৰ বাবু, মোৰ ছোৱালীজনীয়ে এটা পঞ্চাশ পইচা খাইছিল।
ডাক্তৰ - কিমান দিন হ'ল ?
দেউতাক - দুমাহ
ডাক্তৰ - ইমান দিনে উলিওৱা নাই কিয়া ?
দেউতাক - খুচুৰা পইচাৰ দৰকাৰ হোৱা নাছিল বাবে। 

অসমীয়া কৌতুক  2021

চুইটি - তোমাৰ জন্মৰ তাৰিখ কি ?
ডলি - ১ ফেব্ৰুৱাৰী।
চুইটি - আৰু বছৰ ?
ডলি - স্বাভাৱিকভাৱে প্ৰতি বছৰ। 

গ্ৰাহক - সাঁথৰৰ কিতাপ আছেনে ?
দোকানী - নাই ।
গ্ৰাহক - কৌতুকৰ কিতাপ আছেনে ?
দোকানী - নাই ।
গ্ৰাহক - তলা আছে নেকি ?
দোকানী - আছে ।
গ্ৰাহক - তেন্তে দোকান বন্ধ কৰক আৰু ঘৰলৈ যাওক। 

যিমানেই পঢ়িম, সিমানেই জানিম।
যিমানেই জানিম, সিমানেই পাহৰিম।
যিমানেই পাহৰিম, সিমানেই কম জানিম।
যিমানেই কম জানিম, সিমানেই কমকৈ পাহৰিম।
যিমানেই কমকৈ পাহৰিম, সিমানেই আমি বেছিকৈ জানিম।
গতিকে, পঢ়িব লাগে কিয় ? 

দেউতা - মুখৰ ভিতৰত কি সোমাইছা ?
পুত্ৰ - এটা পিন।
দেউতা - এইটোৱে তোমাৰ মুখৰ অনিষ্ট কৰিব।
পুত্ৰ - কিন্তু দেউতা এইটো নিৰাপদ, কাৰণ এইটো এটা চেফ্টী পিন। 

প্ৰশ্ন - এক মিনিটত এনে পঞ্চাছটা শব্দ কোৱা, য'ত "এ" আখৰটো নাথাকে।
উত্তৰ - তুমি ইংৰাজীত একৰ পৰা পঞ্চাছলৈ গন্তি কৰা, ক'তো "এ" আখৰটো পোৱা নাযায়। 

অসমীয়া Funny কৌতুক

প্ৰেমিকা - তুমি বাৰু প্ৰতিবাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ কেনেকৈ পোৱা ?
প্ৰেমিক - কাৰণ মই যেতিয়াই দৌৰো, তেতিয়াই ভাবি লওঁ যে তোমাৰ মায়ে মোক মাৰিবলৈ খেদিছে। 

ইংলেণ্ডৰ পি.এম - কেতিয়া মোৰ দেশৰ পৰা ভণ্ডামি শেষ হ'ব ?
ভগবান - ৫০ বছৰৰ পাছত।
ইংলেণ্ডৰ পি.এম - কান্দি কান্দি ক'লে মই সেয়া চাবলৈ ইমান বছৰ জীয়াই নাথাকিম।
এইবাৰ……
ভাৰতৰ পি.এম. - কেতিয়া আমাৰ দেশৰ পৰা ভণ্ডামিবোৰ শেষ হ'ব ?
ভগবান - কান্দি কান্দি ক'বলৈ ধৰিলে ভণ্ডামি নোহোৱা তোমাৰ দেশখন চাবলৈ মই ইমান দিন জীয়াই থাকিব নোৱাৰিম। 

শিক্ষক - ট্ৰেফিক লাইট কিয় ৰঙা ৰঙলৈ সলনি হয় ?
ডলি - যদিহে আপুনি ৰাস্তাত ৰ'ব লাগে আৰু ৰাস্তাৰ মাজলৈ যাবলৈ বিচাৰে, তেতিয়া এনে হয়। 

মাধৱ - মোৰ স্কুললৈ যাবলৈ মন নাই।
মা - কিয় নোযোৱা ?
মাধৱ - মোৰ গাটো ভাল লগা নাই।
মা - তোমাৰ ক'ত ভাল নালাগে ?
মাধৱ - স্কুলত।

কৌতুক অসমীয়া

জেইলাৰ - তোমাৰ শেষ ইচ্ছা কি ?
কয়েদী - মই আম খাবলৈ বিচাৰো।
জেইলাৰ - কিন্তু এই সময়তটো আম পোৱা নাযায়।
কয়েদী - সমস্যা নাই, মই ৰ'ব পাৰো।

শিক্ষক - ড্ৰয়িং ৰুম কি ?
ছাত্ৰ - যিটো কোঠাত আমি ড্ৰয়িং কৰোঁ।

দেউতাক - যদি মোৰ হাতত পাঁচটা নাৰিকল থাকে আৰু মই যদি তোমাক তিনিটা দিও মোৰ হাতত কিমানটা থাকিব ?
টুটু - মই নাজানো ?
দেউতাক - কিয় নাজানা ?
টুটু - কাৰণ, আমাৰ স্কুলত আমি সকলো পাটিগণিতৰ অংক আপেল আৰু কমলা টেঙাৰে হিচাপ কৰি সমাধান কৰো।

ডাক্তৰ - আপুনি ফিল্টাৰ কৰা পানীহে খাব আৰু তেল তথা কফি ত্যাগ কৰিব।
ৰোগী - কিন্তু, মই কেৱল ফিল্টাৰ কৰা কফিহে খাওঁ। ঠিকে আছেনে ডাক্তৰ বাবু।

অসমীয়া ডাইলগ

ডাক্তৰ - এই বড়ি দুটা কিনি ল'বা।
ৰোগী - সেইকেইটা কিয় ?
ডাক্তৰ - গোলপীয়া বড়িটোৱে টোপনি আনিব আৰু সেউজীয়া বড়িটো খালে তুমি টোপনিৰ পৰা সাৰ পাবা।

উকীল - মই আপোনাৰ পৰা সকলো কথা জানিব লাগিব। তেতিয়াহে মই আপোনাৰ হৈ আদালতত যুঁজিব পাৰিম। আপুনি মোক আটাইখিনি সঁচাই কৈছেনে ?
ক্লায়েণ্ট - মই টকাখিনি ক'ত লুকাই থৈছো এই গোপন কথাটোৰ বাহিৰে আটাইবোৰ আপোনাক সঁচাই কৈছো। কিয়নো, টকাখিনি মইহে পাব লাগিব।

ৰাজ - ডাক্তৰ, মোক সহায় কৰক। মোৰ ভণ্টিয়ে লিফ্ট বুলি ভাবে।
ডাক্তৰ - তাইক মোৰ ওচৰলৈ আনিবা।
ৰাজ - মই তাইক ধৰিবই নোৱাৰো। তাই মজিয়াত নৰয়।

বেংক মেনেজাৰ - আপুনি কেনেধৰণৰ একাউণ্ট খুলিব খোজে।
মিচেছ বসুমতাৰী - এটা জইণ্ট একাউণ্ট। মি. বসুমতাৰীয়ে জমা কৰিব আৰু মই খৰছ কৰিম।

অসমীয়া ডাইলগ funny

সিদ্ধাৰ্থ - আপোনাৰ ল'ৰা পঢ়া-শুনাত বৰ কেচা।
বিৰাজ - আপুনি কিয় তেনেকৈ কৈছে।
সিদ্ধাৰ্থ - আপোনাৰ ল'ৰাৰ উত্তৰ বহীৰ পৰা চাই লিখোতেইতো মোৰ ল'ৰাই ফেইল কৰিছে।

শিক্ষক - এয়াৰ বাছ কি ?
ছাত্ৰ - ই এখন বতাহত উৰা বাছ, ছাৰ।

বিজয় - মই বেড টি খোৱাৰ আগতে বৰ কষ্টকৰ কাম কৰো।
গৌতম - কষ্টকৰ কামটোনো কি ?
বিজয় - টোপনিৰ পৰা সাৰ পোৱাটো।

স্মিতা - মই ভালকৈ গান গাব পাৰো, নহয়নে ?
ৰিতা - তুমি ৰেডিঅ'তহে থাকিব লাগিছিল।
স্মিতা - তুমি মোক ইমান ভাল গান গাও বুলি ভাবা নে?
ৰিতা - নহয়, তোমাৰ মাতটো ইমান কৰ্কশ যে ৰেডিঅ হোৱা হ'লে চুইচ বন্ধ কৰি থব পাৰিলোহেঁতেন।

কৌতুক অসমীয়া জমনি

গৰাকী - তুমি আজি ৰান্ধা আহাৰখিনি বৰ বেয়া হৈছে। যোৱাকালি বৰ ভাল হৈছিল।
চাকৰ - মহাশয়, সেইটো কেনেকৈ হ'ব ? মইতো আজিও যোৱাকালিয়েই ৰান্ধি থোৱা সেই একেখিনি আহাৰকে আপোনাক খাবলৈ দিছো।

শংকৰ - তুমি জানানে নৱৰ জন্মদিন কেতিয়া ?
ছোনিয়া - নাই নাজানো। কিন্তু, মই ভাবো এইবছৰৰ কোনোবা এটা দিনত হ'ব।

ৰাহুল - মই ওজন কমাবলৈ সপ্তাহত দুবাৰকৈ ঘোঁৰাৰ পিঠিত উঠি দৌৰো।
ৰবি - কামত আহিছেনে ?
ৰাহুল - বৰ্তমানলৈকে ঘোঁৰাটোৰ ২৩ পাউণ্ড মান ওজন কমিছে।

অসমীয়া caption হাঁহি

ভিক্ষাৰী - মোক পাঁচ টকা দিয়ক। কাৰণ মই এতিয়াই যাব লাগে আৰু মোৰ পৰিয়ালৰ লোকক লগ ধৰিব লাগে। মোৰ ল'ৰা-ছোৱালীবোৰে নিশ্চয় কান্দি আছে। অনুগ্ৰহ কৰি মোক পাঁচ টকা দিয়ক।
ভদ্ৰলোক - তোমাৰ পৰিয়াল ক'ত ?
ভিক্ষাৰী - চিনেমা হলত। মোৰ টিকটৰ বাবে পাঁচ টকা কম হৈছে।

বিচাৰক - তুমি এতিয়ালৈকে ১০ বাৰ জেললৈ আহিলা। মই তোমাক ১০০ টকাৰ জৰিমনা বিহিছো।
ৰাজ - আপোনাৰ নিয়মীয়া গ্ৰাহক হোৱাৰ বাবে আপুনি মোক অলপ ৰেহাই নিদিয়েনে ?

শিক্ষক - ৰাহুল, যদি তুমি নেপোলিয়ানৰ বিষয়ে কিবা ক'ব পাৰা তেন্তে মই তোমাক বুৰঞ্জীত এ গ্ৰেড দিম।
ৰাহুল - তেওঁৰ মৃত্যু হৈছে, ছাৰ।

Assamese jokes 2021

শিক্ষক - তোমালোকে ক'ব পাৰিবা নে, হাতী ক'ত বিচাৰি পায় ?
ছাত্ৰ - আমি হাতী বিচাৰিবই নালাগে, ছাৰ। ইমান প্ৰকাণ্ড যে, সিহঁত কেতিয়াও নেহেৰুৱাই।

ৰোগী - ডাক্তৰ, মই টোপনিতে খোজ কাঢ়ো। ইয়াৰ নিৰাময় কেনেকৈ হ'ব ?
ডাক্তৰ - বেডৰুমৰ মজিয়াত কিছুমান গজাল পুতি থ'ব।

মিনা - ভূঁইকপৰ পাছত এজনী গায়ে কি উৎপন্ন কৰিব ?
বীণা - মিল্ক শ্বেক।

অসমীয়া ৰগৰ কৌতুক

শিক্ষক - গাখীৰতকৈ বগা একো নাই।
ছাত্ৰ - আছে, মহাশয়।
শিক্ষক - কি বাৰু ?
ছাত্ৰ - ৱাশ্বিং পাউডাৰ নিৰ্মা, দুধছে সফেদি নিৰমা ছে আয়ী।

ৰোগী - ডাক্তৰ, মোৰ চুলিবোৰ সৰিব ধৰিছে। এয়া বন্ধ কৰিবলৈ আপুনি মোক কিবা দিব পাৰিবনে ?
ডাক্তৰ - এটা কাঠৰ বাকচ কেনে হ'ব ?

নাৰ্ছ - মিঃ বসুমতাৰী, আপুনি আজি ৰাতিপুৱাৰ পৰা ভালকৈ কাঁহিব পাৰিছে, নহয়নে ?
ৰোগী (খঙেৰে) - গোটেই ৰাতি কাঁহিবলৈ চেষ্টা কৰি থকাৰ বাবেহে এইটো সম্ভৱ হৈছে; ঔষধৰ বাবে নহয়।

চিনেমা হলত টিকেট বিক্ৰেতা - যোৱা ১৫ মিনিটৰ ভিতৰত আপুনি এইটো ১০ নম্বৰ টিকেট ক্ৰয় কৰিছে।
টিকেট লওঁতা - মই জানো, কিন্তু কি কৰিব ? লাইট মেনজনে ভিতৰত সোমালেই টিকটবোৰ ফালি দিয়ে।

বিনয় - মা, পম্পীয়ে এটা পোক খাইছে।
মাক - তেন্তে তুমি কি কৰিলা ?
বিনয় - মই পোকটো মাৰিবলৈ তাইক অলপ-কীটনাশক দ্ৰব্য খুৱাই দিছো।

অনুজ - যদি তৃতীয় বিশ্বযুদ্ধ হয়, তেন্তে কি হ'ব ?
অক্ষয় - আমি আমাৰ বুৰঞ্জীৰ পুথিত পুনৰ এটা নতুন অধ্যায় পঢ়িবলৈ পাম।

শিক্ষক - অদৃশ্য মানৱতকৈ অধিক অদৃশ্য কি ?
ছাত্ৰ - অদৃশ্য মানৱৰ ছাঁ।

হিমন্ত - আপুনি ইমান সময় আয়নাৰ সন্মুখত কিয় থিয় হৈ আছে।
গগৈ - মই মনত পেলাবলৈ চেষ্টা কৰি আছো, এই মুখখন ক'ত দেখিছিলোঁ।

ৰোগী - ডাক্তৰ, মই মোৰ তেজৰ গ্ৰুপ জানিব খোজো।
ডাক্তৰ - বি-পজিটিভ
ৰোগী - অনুগ্ৰহ কৰি সোনকালে কওঁক।
ৰোগী -মই পজিটিভেই আছো; কিন্তু মোৰ তেজৰ গ্ৰুপ জানিবলৈ ইমান সময় ৰৈ থাকিব নোৱাৰো।

দেউতাক - তুমি অংকৰ পৰীক্ষাত কিমান নম্বৰ পাইছা ?
জীয়েক - গৰিমাতকৈ ৫০ নম্বৰ কম।
দেউতাক - গৰিমাই কিমান পাইছে ?
জীয়েক - ৫০ নম্বৰ।

শিক্ষক - কাবেৰী, হিমালয়ত থকা এটা জন্তুৰ নাম কোৱা।
কাবেৰী - ৰেইন দিয়েৰ, ছাৰ।
শিক্ষক - ঠিক আছে। আন এটাৰ নাম কোৱাচোন।
কাবেৰী - আন এটা ৰেইন দিয়েৰ।

১ম জন - যেতিয়া মানুহে মোক কিবা কথা কয়, মই তাৰ আধাহে বিশ্বাস কৰোঁ।
২য় জন - কিয় ?
১ম জন - কাৰণ, মই উকীল।
২য় জন - মানুহে যেতিয়া মোক কিবা কথা কয়, মই ইয়াৰ দুগুণ বিশ্বাস কৰো।
১ম জন - কিয় ?
২য় জন - কাৰণ, মই আয়কৰ বিষয়া।

শিক্ষক - স্কুলত শিক্ষকৰ প্ৰশ্নৰ উত্তৰত ছাত্ৰ-ছাত্ৰীয়ে দিয়া অধিক জনপ্ৰিয় আৰু ব্যৱহৃত উত্তৰটো কি ?
ছাত্ৰী - মই নাজানো।
শিক্ষক - শুদ্ধ উত্তৰ।

শিক্ষক - এনে এটা বস্তুৰ নাম কোৱা যিটো পৰিলে আঘাত নাপায়।
ছাত্ৰ - বৰষুণ।

ৰাহুল - কেতিয়া বৰষুণ নাহে ?
ৰোহন - ছাতিৰ তলত থাকিলে।

মিণ্টু - সকলোৰে আগত মোক ইডিয়ট বুলি কৈ তুমি কি বুজাব খুজিছা ?
চিণ্টু - ক্ষমা কৰিবা, এইটো অতিকে গোপনীয় কথা বুলি মই জনাই নাছিলো।

শৰ্মা - মোক ৰক্ষা কৰক, মোৰ সৰ্বনাশ হ'ল! মোৰ সৰ্বস্ব ডকাইতে লৈ গ'ল! সিহঁতে মোৰ ঘড়ী, সোণৰ হাৰ, টকা-পইচা সকলো লৈ গ'ল।
পুলিছ - কিন্তু আপোনাৰ পিষ্টলটো লগতেই আছে, নহয়নে ?
বক্তা - হে ভগৱান, ৰক্ষা! সিহঁতে এইটো দেখাই নাপালে,!!

নমিতা - মোৰ মা-দেউতাই আইৰণ আৰু ষ্টীলৰ ব্যৱসায় কৰে।
মম্পী - সচাঁ !
নমিতা - অ, সেয়েহে মায়ে আইৰণেৰে আৰু দেউতাই-ষ্টীলেৰে মাৰপিট কৰে।

ৰসায়ন বিজ্ঞানৰ শিক্ষক - কৰণ, কোনবিধ তৰল পদাৰ্থ গোট নামাৰে ?
কৰণ - গৰম পানী, ছাৰ।

শিক্ষক - মেকুৰী পৰিয়ালৰ তিনিটা সদস্যাৰ নাম ক'ব পাৰিবানে ?
ছাত্ৰ - বাপেক মেকুৰী, মাক মেকুৰী আৰু কেঁচুৱা মেকুৰী।

ৰোগী - ডাক্তৰ, যেতিয়া মানুহ এজন গাড়ী এখনৰ তলত পৰি যায়, তেতিয়া তেওঁ কি কৰিব ?
ডাক্তৰ - গাড়ীখনৰ নম্বৰ টুকি ৰাখিব।

গ্ৰাহক - 'হাফ চিকেন'ৰ বাবে মই কিমান সময় অপেক্ষা কৰিব লাগিব ?
ৱেইটাৰ - যেতিয়ালৈকে অন্য এজনে চিকেনৰ আনটো হাফৰ অৰ্ডাৰ নিদিয়ে তেতিয়ালৈ। আমি মুৰ্গী এটাৰ আধা অংশ মাৰিব নোৱাৰো।

বিচাৰক - তুমি এই চুৰি কামটো কৰিছানে ?
দোষী - হয়।
বিচাৰক - অকলেনে ?
দোষী - এৰা, মহাশয়। দিনকাল বৰ বেয়া হৈছে আৰু এনে পৰিস্থিতিত আপুনি কাকো বিশ্বাস কৰিব নোৱাৰে।

এদিনাখন ৰাম, শ্যাম আৰু কৃষ্ণ নামৰ তিনিজন বন্ধুৱে স্কুললৈ পলমকৈ আহিল। তেওঁলোকৰ পলম হোৱাৰ কাৰণ সোধাত এনেদৰে উত্তৰ দিলে -----
ৰাম - মোৰ চাইকেলৰ পাম্চাৰ হৈছিল।
শ্যাম - মোৰ চাইকেলৰ পাম্চাৰ হৈছিল।
কৃষ্ণ - মোৰ চাইকেলৰ পাম্চাৰ হৈছিল।
শিক্ষক - তোমালোক তিনিওৰে চাইকেল একেলগে পাম্চাৰ কিয় হ'ল ?
তিনিও বন্ধু - আমি একেখন চাইকেলেৰে আহি আছিলো।

কিতাপ বিক্ৰেতা - এই কিতাপখনে পৰীক্ষাত তোমাৰ আধা সমস্যা নাইকিয়া কৰিব।
ছাত্ৰ - তেন্তে, মোক দুখন দিয়ক।

শিক্ষক - তুমি কিয় স্কুললৈ আহোতে পলম কৰিলা ?
ছাত্ৰ - কাৰণ, আহি থাকোতে মই ৰাস্তাত এখন পথ সংকেত দেখা পাইছিলো।
শিক্ষক - তাত কি আছিল ?
ছাত্ৰ - তাত লিখা আছিল লাহে লাহে যোৱা সন্মুখত স্কুল আছে।

শিক্ষক - কোনটো শব্দৰ উচ্চাৰণ সদায় ভুল হয় ?
ছাত্ৰী - ভুল শব্দটোৰ ছাৰ।

শিক্ষয়িত্ৰী - ছাবিয়া, দুটা প্ৰ'নাউনৰ নাম কোৱা ?
ছাবিয়া - কোন, মই ?
শিক্ষয়িত্ৰী - গুড।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad